অসম

গোলাঘাট ৰঙাজানত মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ

প্ৰথম খবৰ, মুৰফুলনি: আটছাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত সন্তোষ কুমাৰ দেৱৰ প্ৰতিমূৰ্তিক অপমান কৰা দুৰ্বৃত্ত কেইটাক কৰায়ত্ত কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি গোলাঘাটৰ ৰঙাজানত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাৰ প্ৰতিকৃতি দাহ কৰে গোলাঘাট আটছাৰ কৰ্মীসকলে। বিভিন্ন শ্ল’গানেৰে ৰঙাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ফলত শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে। প্ৰতিবাদস্থলীত গোলাঘাট শাখা আটছা্ৰ সভাপতি নুৰুল আলি, জিলা সম্পাদক চিমচং চুৰেং আৰু কেইবাটাও শাখাৰ বিষয়ববীয়া সকল উপস্থিত থাকি দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান নকৰালৈকে অবিৰতভাৱে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close