অসম

গোসাঁইগাঁৱত ৰে’লৰ পৰা পৰি যুৱকৰ মৃত্যু

প্ৰথম খবৰ, গোসাঁইগাঁও: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও ৰে’ল ষ্টেচনত যোৱা নিশা নামনিমুৱা চিফুং পেচেঞ্জাৰ ৰে’লৰ পৰা পৰি এজন লোক গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাবুবিল পাইপ বাজাৰৰ নিবাসী বুলু মাৰ্ডী (৩৩) নামৰ লোকজনে যোৱা কালি কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পৰা গোসাঁইগাঁও ষ্টেচনত নামিব লওঁতেই পিছলি পৰি ৰে’লৰ তলত সুমাই পৰে ৷ ইপিনে উক্ত সময়ত দায়িত্বত থকা আৰ পি এফ’ৰ জোৱান দীপক ভকতে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ লোকজনক ৰে’লৰ তলৰ পৰা উলিয়াই আনে যদিও ইতিমধ্যে লোকজনে দেহৰ বিভিন্ন অংগত গুৰুতৰ আঘাত পায়৷ উক্ত সময়ত আৰ পি এফ’ৰ পৰা ১০৮ মৃত্যঞ্জয় সেৱাৰ লগত যোগাযোগ কৰি কোনো সহাৰি লাভ নকৰাত আহত লোকজনক অটোৰে গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও লোকজনৰ তেজ বন্ধ নোহোৱাত চিকিৎসকে কোকৰাঝাৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে৷  লোক জনৰ পৰিয়ালৰ লোক বহু পলম কৈ চিকিৎসালয়ত উপস্থিত হয় আৰু এম্বুলেন্সেৰে কোকৰাঝাৰ স্থিত আৰ এন বি অসামৰিক চিকিৎসালয়ত নিশাই ভৰ্তি কৰোৱা হয়। আনহাতে উৰে নিশা যন্ত্ৰণাত চতফতাই থকা বুলু মাৰ্ডীৰ অত্যাধিক ৰক্তক্ষয় হোৱাত আজি ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত কোকৰাঝাৰত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকৱালি লয় ৷

উল্লেখ্য যে, ৰিস্কা চলাই জীৱিকা নিৰ্বাহ কৰা লোক জনৰ পৰিয়ালত সম্প্ৰতি অমানিশা নামি আহিছে ৷ ঘটনা সংঘটিত হোৱাৰ ৫/৬ ঘণ্টাজুৰি মৃত্যু যন্ত্ৰণাত চতফতাই থাকিও উপযুক্ত চিকিৎসাৰ অভাৱতে লোকজনে মৃত্যু মূখত পৰা বুলি সচেতন মহলে অভিযোগ কৰে ৷ এনেক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল ৰে’ল বিভাগক দুৰ্ঘটনাত আহতসকলৰ বাবে ৰে’ল ষ্টেচনত তৎকাল চিকিৎসাৰ ব্যৱস্থা কৰা বা চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে প্ৰয়োজনীয় সুবিধা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close