অসম

গোসাঁইগাৱঁ মহকুমাৰ কুৰিৰো অধিক গাওঁ প্লাৱিত : শিৱিৰত আশ্ৰয় লৈছে বহু পৰিয়াল

প্ৰথম খবৰ,গোসাঁইগাওঁ: বিগত তিনিদিন ধৰি ধাৰাষাৰ বৰষুণত গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে ৷ ধাৰাষাৰ বৰষুণত মহকুমা খনৰ নদ নদী জলাশয় সমূহ উফন্দি উঠাত গোসাঁইগাওঁ মহকুমা সদৰ চহৰহ কৃত্ৰিম বানে ৰাইজক জ্বলা কলা খুৱাইছে ৷ ইপিনে মহকুমা খনৰ ডিংডিঙাৰ অন্তৰ্গত বাওঁনাই নদীৰ কাঠৰ দলং উটুৱাই নিয়াত নদীৰ সিপাৰে থকা প্ৰায় একুৰি গাৱঁৰ ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ জানিব পৰা মতে আজি দুপৰিয়াৰ ভাগত বাওনাই নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত থাকুৰপুৰ গাৱঁৰ গাতে লাগি থকা কাঠৰ দলংখন খহাই নিয়ে ৷ ফলত থাকুৰপুৰ, ডিংডিঙা, জয়পুৰ, কাৰলেংপুৰ, ৰঙিয়াঘুটু, কালাঘাট, মেছপাৰাৰ লগতে কেইবাখন গাওঁৰ বহু গৃহ জলমগ্ন হয় ৷ ইয়াৰ উপৰি মান্দাৰকুটি, টিংগছি, হাৰকম, চিলইমাথা, নতুন বষ্টি, মন্দিৰপাৰা, মটিঝোৰা, খৰখৰীকে ধৰি বহু গাৱঁৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাত সম্প্ৰতি পাচঁ শৰো অধীক পৰিয়াল আৱদ্ধ হৈ পৰিছে ৷ আনহাতে ডিংডিঙাবাসী ৰাইজে অভিযোগ কৰা মতে, ডিংডিঙাত নতুন কৈ নিৰ্মান কৰা চুইছ গেটৰ ফলতে এনেদৰে অঞ্চলটোৰ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈছে ৷ ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, উক্ত চউইছ্‌ গেটৰ দুৱাৰ সমূহ সৰু হোৱাত নদীৰ পানী ওলাই যাব পৰা নাই ৷ ফলত নদীৰ ধাৰ অন্য দিশে গতি কৰিছে আৰু বহু কেইখন গাওঁ জলমগ্ন হৈছে ৷ নদীৰ বাঢ়নী পানী গাওঁ সমূহত প্ৰৱেশ কৰাত বহু পৰিয়ালে নিৰাপদ স্থান বিচাৰি স্থানীয় বিদ্যালয় সমূহত আশ্ৰয় গ্ৰহণ কৰিছে যদিও বাতৰি লিখা পৰালৈ আশ্ৰয় শিৱিৰত থকা দুৰ্ভগীয়া পৰিয়াল সমূহৰ খা খৱৰ লবলৈ প্ৰশাসণৰ মানুহ উপস্থিত হোৱা নাই বুলি অভিযোগ আছে ৷ আনহাতে প্ৰৱল বৃষ্টিপাতত সোণকোষ নদীৰ জলস্তৰো উফন্দি উঠিছে আৰু সোণকোষৰ কাষৰিয়া গাওঁ বৰঘোপা, ঘাকছা, কাছিয়াবাৰী, ৰামদেও, শিমলটাপু পি জি আৰ, খোকছাগুৰীৰ লগতে বহু কেইখন গাওঁ প্লাৱিত কৰিছে ৷

Related Articles

Leave a Reply

Close