অসম

গোৰেশ্বৰত বান পিড়ীত ৰাইজৰ ওচৰত বিধায়ক ভৱেশ কলিতা

প্ৰথম খবৰ, গোৰেশ্বৰ: বানৰ পিছত নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে নৈপৰীয়া ৰাইজ।নদীৰ বক্ৰ গতিয়ে গাঁওসমূহলৈ কঢিয়াই আনিছে বিপদ। ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নদীৰ বানে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰিবাৰী, নিজ কুছুলা, নাথকুছি, আদি কেবাখনো গাও পানীয়ে বুৰাই পেলোৱাৰ পিছত নদীৰ জলস্তৰ কমি যোৱাৰ লগে লগে একাংশ ঠাইত সৃষ্টি হৈছে গৰাখহনীয়া।

ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ কেইবাখনো বান বিধ্বস্ত গাঁৱৰ দুৰ্গত ৰাইজৰ বুজ লয় ৫৭ নং ৰঙিয়া বিধান সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। শুক্লাই নদীৰ প্ৰবল বানত এইবেলি ক্ষতিগ্ৰস্ত হোৱা নাটকুছি, বগৰীবাৰী, বনবাৰী আদি গাওঁলৈ গৈ আজি বিধায়ক গৰাকীয়ে বান সাহাৰ্য বিতৰণ কৰাৰ লগতে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লয়। বগৰীবাৰীত বানত ঘৰ মাটি হেৰুৱা দুটা পৰিয়াললৈ নগদ এঘাৰ হাজাৰকৈ টকা গৃহাদি নিৰ্মাণৰ বাবে প্ৰদান কৰে।

তেওঁ গাঁওবাসীলৈ চাউল,  দালি, চিৰা, নিমখ আদি খাদ্য সামগ্ৰীও বিতৰণ কৰে । ইপিনে বনবাৰীতো বিধায়ক জন নিজে উপস্থিত হৈ বিভিন্ন খাদ্যসামগ্ৰী বিতৰণ কৰে। সংবাদিকৰে হোৱা কথোপকথনত তেওঁ কয় যে – ৰাজ্য চৰকাৰে বানপানীৰ স্থায়ী সমাধানৰ বাবে নদীৰ গতি পথৰ অধ্যয়ন কৰি মথাউৰি নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বানপানীৰ উৎস আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা নদীৰ পানীৰ  অধ্যয়নৰ বাবেও এশ কৌটি টকা প্ৰদান কৰিছে।  কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ প্ৰায় এঘাৰ শ কৌটি টকা প্ৰদান কৰাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে দুই হাজাক কৌটি টকাৰ পেকেজ প্ৰদান কৰা বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close