অসম

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বিভৎস দৃশ্য

প্ৰথম খবৰ, আগিয়া: যি সময়ত জিলাখনৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমত শীত তাপ নিয়ন্ত্ৰিত কক্ষত বীজানুমুক্ত পৰিৱেশত অতি আনন্দেৰে ধনী শ্ৰেণীৰ বোৱাৰীয়ে মাতৃত্বৰ অনুভৱ বা প্ৰসৱ কৰি আহিছে ঠিক সেই সময়তে জিলাখনৰ ২০০ খন বিচনা যুক্ত অসামৰিক চিকিৎসালয়ত প্ৰসৱৰ নামত জীয়াতু ভুগিছে দুৰ্ভগীয়া দুখীয়া পৰিয়ালৰ প্ৰসুতি মহিলাই। অসমৰ ভিতৰতে স্বচ্ছতাৰ দিশত উন্নত চিকিৎসালয়ৰ বঁটা প্ৰাপ্ত চৰকাৰী চিকিৎসালয়খনত সম্প্ৰতি প্ৰসুতি মহিলা সকলক প্ৰসৱৰ পিছত জন্তুৰ দৰে হাস্পাতালৰ বাৰাণ্ডাত পেলাই থোৱা দৃশ্যই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত বাতৰি মতে আজি ৰাতিপুৱা ১১:০০ বজাত নাম প্ৰকাশৰ অনিচ্ছুক প্ৰসুতি মহিলাকেইগৰাকীয়ে জানিবলৈ দিয়ে যে হাস্পতালখনত কৰ্মৰত কিছুমান ডঃ প্ৰসুতি ৰোগীৰ সংখ্যা বেছি দেখিলেই জ্বলি উঠে আৰু প্ৰসুতী সকলক নানান ধৰণেৰে অকথ্য আচৰণ কৰা বুলিও জানিবলৈ দিয়ে। জানিব পৰামতে হস্পিতাল খনত অযথাভাৱে বহুতো
‘পে-কেবিন ‘ পৰি থকাৰ পিছতো ৰোগীৰ আত্মীয়ই বিচাৰিলে লেতেৰা কৰাৰ ভয়ত নাই বুলি কোৱা এটা সাধাৰণ কথাত পৰিণত হোৱা বুলি একাংশই দাবী কৰে। হাস্পতালৰ বাৰাণ্ডাত আৰু প্ৰসুতি মাতৃ সকলক ৰখা কোঠালীৰ চাৰিওফালে মজিয়াতে সামান্য চাদৰ এখনকৈ পাৰি নৱ জাতক শিশু সকলৰ লগতে মাতৃ সকল কুকুৰ মেকুৰীৰ দৰে পৰি থকা দৃশ্য সমূহ দেখিলে অনুভৱ হয় আচলতে এয়া হাস্পতাল নে মানুহৰ বধ্যভূমি স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ এই মুহূৰ্তত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আজিৰ এই বিভৎস ৰূপেই সচেতন মহলৰ হিয়া কান্দি উঠা পৰিলক্ষিত হৈছে ।

আচলতে চিকিৎসালয়খনত এয়া আজিৰ ঘটনা নহয় এইটো সদায় ঘটা নিত্য নৈমিত্তিক ঘটনাত পৰিগণিত হৈছে। ইফালে তদানীন্তন উপায়ুক্ত জে ভি এন সুব্ৰমনীয়ৰ সময়ত এইখন হাস্পতালে অসমৰ ভিতৰতে উন্নত আৰু পৰিস্কাৰ পৰিচন্নতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও সম্প্ৰতি তেওঁৰ বদলিৰ পিছতেই হাস্পতালখনৰ এটাৰ পিছত এটা দুৰ্নীতিৰ বাতৰি পোহৰলৈ আহিব ধৰিছে আৰু হাস্পতালখনত অৰাজকতাৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত জিলা উপায়ুক্তৰ লগতে উচ্চ পদস্থ বিষয়াই হাস্পতালখনত চলি থকা এই বিষয়ত ধ্যান দি হাস্পতালৰ বিভৎস পৰিৱেশৰ পৰা মুক্ত কৰি এখন সর্বাংগ সুন্দৰ হাস্পতাললৈ পৰিণত কৰিবলৈ সচেতন মহলে দাবী কৰাৰ লগতে স্বাস্থ্য মন্ত্ৰীৰ হস্তক্ষেপ এই সংবাদ পত্ৰৰে দাবী কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close