অসম

গৌৰীসাগৰত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা, একে নিশাই দুখন মটৰ চাইকেল চুৰি

প্ৰথম খবৰ, দিখৌমুখ: গৌৰীসাগৰ আৰক্ষী থানাৰ পৰা মাত্ৰ কেইশমিটাৰ মান দূৰত্বৰ নামদাং কলিতা গাঁও আৰু মিটং দলঙৰ কাষৰ দুজন ব্যক্তিৰ ঘৰৰ পৰা গেট আৰু গ্ৰীলৰ টলা ভাঙি যোৱা নিশা চোৰে দুখন পালছাৰ মটৰ চাইকেল চুৰ কৰি নিয়ে৷ ঘটনাৰ বিৱৰণি মতে, নামদাং কলিতা গাঁৱৰ জিন্টু দাস নামৰ ব্যক্তিজনৰ ঘৰৰ বাৰান্দাত থোৱা এ এছ- ০৪- এল- ৮৮৮৩ নম্বৰৰ পালছাৰ ১৫০ মটৰ চইকেলখন মূল গেটৰ তলা ভঙাৰ লগতে বাৰান্দাৰ গ্ৰীলৰ তলা ভাঙি নিশা চোৰে লৈ যায়৷

একেদৰে মিটং দলঙৰ কাষৰ এঘৰ মানুহৰ ঘৰত ভাড়াতীয়া হিচাপে থকা দিখৌমুখ ইউ কো বেংকৰ শাখা পৰিচালক বিক্ৰম সিঙৰ এ এছ -০২-এন-০৩১৭ নম্বৰৰ ২২০ পালছাৰ মটৰ চাইকেল খনো একে পন্থাৰে একে নিশাই চোৰে চুৰ কৰি নিয়ে৷ ঘটনা সন্দৰ্ভত দুয়োজন ব্যক্তিয়ে পৃথকে পৃথকে স্থানীয় গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে চুৰি হোৱা মটৰ চাইকেল দুখন বিচাৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

যদিও বাতৰি লিখা পৰলৈ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ স্মৰ্তব্য যে, আজি প্ৰায় এমাহৰ ভিতৰত গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপত এইটো তৃতীয় চুৰি ঘটনা৷ ইয়াৰ পূৰ্বে ৮ জুলাইত নামদাং কুমাৰ গাঁৱৰে ডা° ধীৰেণ শৰ্মা নামৰ ব্যক্তিগৰাকীৰ পিছফালৰ দুৱাৰ ভাঙি ঘৰৰ সমস্ত চুৰি কৰাৰ উপৰি ১৯ জুলাইত চাৰিং বাৰুৱতী গাঁৱৰ চিৰঞ্জিত গগৈ নামৰ ব্যক্তিগৰাকী মাৰুতি এল্ট’ গাড়ীখন ঘৰৰ চৌহদৰ পৰা চুৰি হৈছিল৷ ক্ৰমাগতভাৱে অঞ্চলটোত এনে অপৰাধ জনিত ঘটনা বৃদ্ধি পোৱাত জনসাধাৰণ চিন্তিত হৈ পৰিছে৷

Related Articles

Leave a Reply

Close