অসমশীৰ্ষ

গড়কাপ্তানী মন্ত্ৰীৰ শ্ৰাৰ্দ্ধ টীয়কত

প্ৰথম খবৰ, টীয়ক: এইবাৰ গড়কাপ্তানী মন্ত্ৰীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই৷ বহুবাৰ প্ৰতিবাদ কৰি অসম চৰকাৰৰ গা লৰাব নোৱাৰি এই অভিনৱ প্ৰতিবাদৰ কাৰ্যসূচী হাতত লয়৷

বনাই আমতলত ৰূপায়িত হোৱা এই কাৰ্যসূচীৰ মূল দাবী আছিল ললিত চন্দ্ৰ ৰাজখোৱা পথ, জগদুৱাৰ বনাই ভগামূখ পথ, টীয়ক বলমা সংযোগী পথকে ধৰি আন বহুতো পথ আৰু জাঁজীমূখ এজাৰগুৰিত জাঁজীনদীৰ ওপৰত পকীদলং নিৰ্মাণ কৰা৷ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ আৰু দুয়োখন আঞ্চলিকৰ বহু সংখ্যক প্ৰতিনিধিয়ে এই প্ৰতিবাদত অংশ লয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close