অসম

গড়াজানত বন্যহস্তীৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কেইবাটাও বাসগৃহ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ গড়াজানত আজি পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে তাণ্ডৱ চলায়। খাদ্যৰ সন্ধানত লাওঁখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে গড়াজানৰ পূৱ ফুটলজাৰ আৰু পূৱ আমৰাকান্দা গাঁৱত প্ৰৱেশ কৰে হাতীৰ জাকটোৱে। গাঁও দুখনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে। ধানৰ ভড়াল পৰ্যন্ত ভাঙি চুৰমাৰ কৰে হাতীৰ জাকটোৱে। হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰা ঘৰৰ পৰিয়ালৰ লোক সকলে পলায়ন কৰি কোনো মতে প্ৰাণ ৰক্ষা কৰে। উল্লেখ্য যে, বানৰ পিছত খাদ্যৰ সংকটত ভুগি থকা লাওঁখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ বহু বন্য জন্তু বিগত কিছু দিন ধৰি জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close