অসম

চাউলধোৱা ঘাটত দিনজোৰা কাৰ্যসূচীৰে হৰিতালিকা তীজ সমাৰোহ, বলিদান দিৱস পালন

প্ৰথম খবৰ, বগীনদী: গোৰ্খা জনগোষ্ঠীৰ জাতীয় জীৱনৰ এক অন্যতম উৎসৱ হৰিতালিকা তীজ উৎসৱৰ লগতে গোৰ্খা জাতিৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ বীৰ’ মেজৰ দূৰ্গা মল্লৰ স্মৰণত বলিদান দিৱস চাউল ধোৱা ঘাটত আজি পালন কৰা হয়। চাউল ধোৱা আঞ্চলিক গোৰ্খা মহিলা সমিতিৰ উদ্যোগত আৰু চাউলধোৱা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত, চাউল ধোৱা ঘাট গোৰ্খা ভৱন প্ৰাংগনত এই কাৰ্য্যসূচীসমুহ পালন কৰা হয়।

আজি দিনটোৰ প্ৰথমাদ্ধৰ, পৰিৱেশ নিকাকৰন, পতাকা উত্তোলন, শ্বহীদ তৰ্পন, ৰামায়ণ পাঠ আদি কাৰ্যসূচী সমুহ সম্পন্ন কৰা হয়। বিয়লি বেলা ২ টা বজাৰ পৰা অনুষ্ঠিত হোৱা মূল কাৰ্যসূচীত সভাপতিত্ব কৰে শিক্ষক ‘দেৱী প্ৰসাদ উপাধ্যায়ে। উদ্বোধনী ভাষণ প্ৰদান কৰে প্ৰতিষ্ঠাপক সম্পাদক চাউল ধোৱা ঘাট গোৰ্খা সাংস্কৃতিক সংঘৰ’ নগেন চন্দ্ৰ উপাধ্যায়ে। বিশিষ্ট অতিথি তথা সাংস্কৃতিক প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা নেপালী সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ‘সন্জীৱ উপাধ্যায় আৰু নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য ‘ডিল্লীৰাম ঢকাল ।মুলত গোৰ্খা জনগোষ্ঠীৰ নাৰী কেন্দ্ৰীক হৰিতালিকা তীজ উৎসৱৰ লগত সংগতি ৰাখি জাতীয় লোকনৃত্য সংগিনী, ভৈলী আদি প্ৰতিযোগিতাৰ লগতে মেজৰ দূৰ্গা মল্লৰ জীৱনী আধাৰিত বিষয়ত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ লগতে সন্ধিয়া ৬ টা বজাত লখিমপুৰ জিলা আগছুৰ সভাপতি ‘শিৱ দাহালৰ নেতৃত্বত, চাউলধোৱা ঘাট এম, ই স্কুল স্থিত মেজৰ দূৰ্গা মল্লৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰা হয়। চাউল ধোৱা ঘাট উপ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক’ দীননাথ মিলিয়ে বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচীত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু,আছাৰ নেতৃবৃন্দ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close