অসম

চিচিবৰগাঁও শিশু নিকেতনত স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ, চিচিবৰগাঁও: সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি ৭১ সংখ্যক স্বাধীনতা দিৱসটি ধেমাজি জিলাৰ চিচিবৰগাঁও শংকৰদেৱ শিশু নিকেতনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। নিকেতনৰ প্ৰধান আচাৰ্য পুৰন্দৰ চুতীয়াই পতাকা উত্তোলন কৰাৰ লগতে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্ৰ -ছাত্ৰী সকলৰ আগত বক্তব্য ৰাখে। ইয়াৰ পাছতে নিকেতনৰ আমন্ত্ৰণ ৰক্ষা কৰি সাংবাদিক নয়নমনি মহন্তয়ে হাজাৰ হাজাৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ তৰ্পণ কৰে ।

Related Articles

Leave a Reply

Close