অসমশীৰ্ষ

চিলনীবাৰী আৰক্ষী চকীৰ অসম আৰক্ষীৰ নিল্লৰ্জ কাণ্ড

প্ৰথম খবৰ, নাওবৈচা:  এইবাৰ লখিমপুৰৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই উৎকোচ লোৱাৰ দৃশ্য বন্দী হ’ল গোপন কেমেৰাত ৷ লখিমপুৰৰ চিলনীবাৰী আৰক্ষী চকীৰ চৰকাৰী কোৱাটাৰতে ভাৰপ্ৰাপ্ত বিষয়াজনে শুই-বহি দুহাতেৰে চপাইছে ধন ৷

উল্লেখ্য যে, এখন মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ভাৰপ্ৰাপ্ত বিষয়া নিখিল ৰাজখোৱাই দুৰ্ঘটনাটোৰ গোচৰ পঞ্জীয়ন নকৰা আৰু মটৰ চাইকেল দুখনৰ যাৱতীয় কাগজ পত্ৰ পৰীক্ষা নকৰাৰ বাবদ দুৰ্ঘটনা সংঘটিত কৰা পক্ষৰ পৰা পাঁচ হেজাৰ টকা দাবী কৰে ৷ নিজৰ চৰকাৰী কোৱাটাৰত ভাৰপ্ৰাপ্ত বিষয়া নিখিল ৰাজখোৱাই বিচনাত শুই-শুই এই ধন দাবী কৰাৰ সমগ্ৰ দৃশ্য বন্দী কৰে এজন যুৱকে গোপন কেমেৰাত ৷ অৱশেষত দাবী কৰা পাঁচ হেজাৰ টকাৰ ঠাইত তিনি হেজাৰ টকা লৈয়ে এৰি দিয়ে মটৰ চাইকেল দুয়োখন ৷ এই সমগ্ৰ দৃশ্য তাত উপস্থিত থকা এজন সচেতন যুৱকে মোবাইলত বন্দী কৰি ৰাখে ৷

ইফালে এই কথা গম পোৱাৰ পিছত আৰক্ষী বিষয়া নিখিল ৰাজখোৱাই যুৱকজনৰ ঘৰলৈ গৈ ভিডিঅ’টো ডিলিট কৰি দিবলৈও কাকুতি-মিনতি কৰে ৷ আৰক্ষী বিষয়াজনে যুৱকজনৰ ঘৰলৈ গৈ নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ সমগ্ৰ দৃশ্যও বন্দী কৰি ৰাখে যুৱক জনে। উল্লেখ্যে যে, লখিমৰপুৰৰ চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল ৰাজখোৱাৰ বিৰুদ্ধে দীৰ্ঘ দিনৰে পৰা সৰ্বসাধাৰণ লোকক ধন দাবী আৰু ক্ষমতাৰ অপ ব্যৱহাৰেৰে সৰ্বসাধাৰণক শাস্তি কৰা উপৰিও উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইমানৰ পিছতো অসম আৰক্ষীয়ে এই গৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহন কৰে সেয়াহে লক্ষনীয় হ’ব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close