অসম

চিলাপথাৰৰ ভূৱন দাসলৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ‘২০১৭ বৰ্ষৰ সাহিত্য বঁটা’ প্ৰদান

প্ৰথম খবৰ, চিচিবৰগাঁও: আজি দিনৰ এঘাৰ বজাৰপৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুসূচিত জাতিৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানত এইবছৰৰ সাহিত্য বঁটা ধেমাজি জিলা চিলাপথাৰৰ তথা সদৌ অসম কবি সমাজৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ভূৱন দাসক প্ৰদান কৰা হয়।

স্মৰ্তব্য যে, নলবাৰীৰ গুণেশ্বৰ কৈৱৰ্তকো অনুসূচিত জাতি ছাত্ৰ সন্থাই যুটীয়াভাৱে এই বঁটা প্ৰদান কৰে। এই বঁটাই জিলাখনলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনে বুলি সাংবাদিকদ্বয় ক্ৰমে নয়নমণি মহন্ত আৰু কংকনজ্যোতি ভূঞাই জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close