অসম

চীনা সামগ্ৰী বৰ্জনৰ দাবীত সৰ্থেবাৰীত সমদল

প্ৰথম খবৰ, সৰ্থেবাৰী:চীন ভাৰতৰ যুদ্ধক লৈ তীব্ৰ উদ্বিগ্নতাৰ সৃষ্টি হোৱাৰ সময়তে আজি চীনা সামগ্ৰীৰ বিৰুদ্ধে সৰ্থেবাৰীত ওলাল এক প্ৰতিবাদী সমদল। চীনা সামগ্ৰী বৰ্জনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰচাৰ হৈ থকাৰ মাজতে আজি সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত উলিওৱা হ’ল এক বৃহৎ সমদল। প্ৰতিকুল বতৰকো নেওচি আজি বিদ্যালয় খনৰ আচাৰ্য্য  সকলৰ নেতৃত্বত তিনিশতাধিক ছাত্ৰ-ছাত্ৰীয়ে সৰ্থেবাৰীৰ নগৰৰ মাজেদি এই সমদল উলিওৱা হয় । “চীনা সামগ্ৰী বৰ্জন কৰক”, “ভাৰতৰ অৰ্থনীতি মজবুত কৰক” ভাৰত মাতা কি জয় ইত্যাদি শ্লোগানেৰে সৰ্থেবাৰী উত্তাল কৰি তোলে ।

Related Articles

Leave a Reply

Close