অসম

চৰনধৰাত যোগ প্ৰশিক্ষণ শিবিৰ

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ বলিপোতাৰ চৰনধৰাত ভাৰত স্বাভিমান (ন্যাস) হৰিদ্বাৰৰ তত্বাৱধানত পতঞ্জলি যোগ সমিতি আৰু চৰনধৰা আঞ্চলিক যোগ সমিতিৰ উদ্যোগত ২৫ দিনীয়া সহকাৰী যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ এটিৰ আয়োজন কৰা হৈছে। যোগ প্ৰশিক্ষণ শিবিৰটোত জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষকসকল উপস্থিত থাকি যোগৰ জৰিয়তে মানৱ শৰীৰত থকা বিভিন্ন ৰোগসমূহ কেনেদৰে নিৰাময় কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব।

ভাৰত স্বাভিমান (ন্যাস) দৰং জিলাৰ সহঃ প্ৰভাৰী কংকন নাথ আৰু চৰনধৰা আঞ্চলিক যোগ সমিতিৰ সম্পাদক মিজাংকৰ নাথে জনোৱা মতে অহা ২৫ আগষ্টৰ২০ চেপ্তেম্বৰ ২০১৭ তাৰিখলৈ চৰনধৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ’ব যোগ প্ৰশিক্ষণ শিবিৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close