অসমলাফিকুল

ছাত্ৰনেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ আজি পৰ্যন্ত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ, মুছলপুৰ: ৰাজ্য কপাঁই যোৱা ছাত্ৰনেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ আজি পৰ্যন্ত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। হত্যাকাৰী গ্ৰেপ্তাৰত ব্যৰ্থ হোৱা অসম আৰক্ষী – প্ৰশাসনৰ বিৰুদ্ধে শনিবাৰে মুছলপুৰ-শালবাৰী জিলা এবিএমছুৰ শতাধিক কৰ্মীয়ে বাক্সাৰ কদমতলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰনেতাগৰাকীৰ হত্যাকাণ্ডৰ এমাহ হোৱাৰ পাছতো হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ খোৱা কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিংঙক অতিশীঘ্ৰে নিলম্বিত কৰাৰ লগতে হত্যাকাৰী গ্ৰেপ্তাৰৰ উপৰি হত্যাকাণ্ডৰ সকলো তদন্ত চিবি আইৰ হাতত অৰ্পন কৰাৰ দাবীত অসম চৰকাৰ হায় হায়, ৰাজেন সিংঙ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে।

যদি অতিশীঘ্ৰ এই সকল প্ৰতিবাদকাৰীৰ দাবী চৰকাৰখনে পূৰণ নকৰে তেনেহ’লে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। অৱশ্যে এই দুই ঘণ্টীয়া অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাজপথত শ শ যান বাহন আৱদ্ধ হৈ পৰে। বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাৰ বাবে ঘটনাস্থলীত সেনা-আৰক্ষীৰ লগতে চি আৰ পি এফৰ বৃহৎ দল নিয়োগ কৰা হৈছে।

Related Articles

Leave a Reply

Close