Uncategorizedঅসমশীৰ্ষ

ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া : চাবুৱাত কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৃষক-ছাত্ৰ মুক্তিৰ

প্ৰথম খবৰ,চাবুৱা: ছাত্ৰ -ছাত্ৰী সকলক স্বজন তোষন নীতিৰে সুহৃদ আঁচনিৰ জৰিয়তে বৈষম্যমূলক ভাৱে জলপানী দিয়াৰ পৰিবৰ্তে মেধাভিত্তিত জলপানী প্ৰদানৰ দাবীত যোৱা কালি গোলাঘাট জিলাৰ বোকাখাট মহকুমাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক বিদ্ৰুত শইকীয়াই । সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰাৰ পিছতে বিদ্যুৎ শইকীয়াই সংগঠনৰ এজন কৰ্মীৰ ঘৰত জিৰণি লৈ থকাৰ সময়ত কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ১৪৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে বুলি সংগঠনটোৱে জানিবলৈ দিছছিল । সংগঠনটোৱে অতুল বৰাৰ এনে নিকৃষ্ট ৰাজনীতিক কঠোৰ গৰিহণা জনোৱাৰ লগতে যোৱা কালি ছাত্ৰ নেতা বিদ্ৰুত শইকীয়াক মুক্তিৰ দাবীত সমগ্ৰ অসমতেই আন্দোলন আৰম্ভ হৈছিল । তাৰ পিছতেই প্ৰশাসনে সংগঠনটোৱে অসমৰ বিভিন্ন ঠাইত হোৱা আন্দোলনত সেওঁ মানি ৰাতি ১১ মান বজাত ছাত্ৰ নেতাজনক মুকলি কৰি দিয়ে যদিও আজিও অসমৰ বিভিন্ন ঠাইৰ লগতে চাবুৱাতো কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাস কৰি মন্ত্ৰীজনক অনাগত সময়ত এনেকোৱা নিকৃষ্ঠ ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close