অসম

ছাত্ৰ সন্থাৰ পৰা অব্যাহতি যতীন ডেকাক

প্ৰথম খবৰ, চাংসাৰি: মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যতীন ডেকাক ছাত্ৰ সন্থাৰ পৰা ৰাজহুৱা অভিযোগৰ ভিত্তিত আজি অব্যাহতি দিয়া হয়। ইয়াৰ লগতে অভিযোগ সম্পৰ্কে তদন্ত কৰিবলৈ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰৰ সভাপতি ভৱেশ দাস আৰু সম্পাদক নয়নজ্যোতি কলিতাকলৈ এখন ছয়জনীয়া তদন্ত সমিতিও গঠন কৰা হয়।

প্ৰাপ্ত খবৰ অনুযায়ী অতিশীঘ্ৰেই উক্ত সমিতিখনে সাংগঠনিক সম্পাদক যতীন ডেকাৰ ওপৰত থকা ৰাজহুৱা অভিযোগ সন্দৰ্ভত চৰজমীন তদন্ত কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াক দাখিল কৰিব বুলি জানিবলৈ পোৱা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close