বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

ছানী লিঅ’নীৰ ফেনছৰ বিৰুদ্ধে গোচৰ

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অভিনেত্ৰী ছানী লিঅ’নী বহুতৰে প্ৰিয়। তেওঁক এবাৰ চোৱাৰ হেঁপাহ বহুজনৰ মনত। কিন্তু এই হেঁপাহেই যেন কাল হ’ল বহুতৰ বাবে। শেহতীয়াভাবে ছানী লিঅ’নীয়ে কেৰেলাৰ কোচীত এখন ম’বাইল ষ্ট’ৰৰ উন্মোচনী অনুষ্ঠানলৈ গৈছিল।

সেই মুহূৰ্তত ছানী লিঅ’নীক চাবলৈ শতসহস্ৰাধীক দৰ্শকে ভিৰ কৰিছিল ম’বাইল ষ্ট’ৰ সংযোগী আটাইকেইটা ৰাস্তা। ট্ৰাক, বাছ, সৰু-বৰ বিভিন্ন গাড়ীৰে ভৰি পৰিছিল কোচীৰ ৰাজপথ।

সেইদিনাখন ৰাজপথত অভুতপূৰ্ব যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু এই কথাক লৈ কোচীৰ আৰক্ষী বিষয়াই ছানী লিঅ’নীৰ ফেনছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সংবাদ মাধ্যমক আৰক্ষীয়ে জানিবলৈ দিছে যে, ম’বাইল ষ্ট’ৰখনৰ স্বত্ত্বাধিকাৰীৰ লগতে আন এশজন লোকৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ২৮৩ (ৰাস্তাত ভিৰ, বাধাৰ সৃষ্টি কৰা) আৰু ৩৪ (এটা উদ্দশ্যে আগত লৈ বহুজনে দলবদ্ধভাবে কাম কৰা) বলবৎ কৰি গোচৰ ৰুজু কৰিছে।

ছানী লিঅ’নীয়ে কোচীৰ বিমান বন্দৰত উপস্থিত নহওতেই কোচীৰ ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা দেখা গৈছিল।আৰু সেয়েহে আৰক্ষীয়ে এনে পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close