বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

ছেঈফ কন্যাৰ প্ৰথম ছবি

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ নবাব ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খান বৰ্তমান সাজু হৈছে ডেব্যু ছবিৰ বাবে। অভিষেক কাপুৰৰ ছবি কেদাৰনাথত অভিনয় কৰিব ছাৰাই। ছেইফ কন্যাৰ বলীউদত পদাৰ্পণ কৰা কথাই ইতিমধ্যে বহু চৰ্চিত বিষয়লৈ পৰিণত হৈছে। কাৰণ ছেইফ প্ৰথমা পত্নীৰ কন্যাই ছবিৰ নায়িকা হিচাপে স্বাক্ষৰিত হোৱাৰ সময়তে, দ্বিতীয়া পত্নীৰ সন্তান টাইমূৰ আলী খানকো ষ্টাৰকিড হিচাপে ছবিত দেখা পোৱা যাব। যিয়েই নহওঁক কিয় নিজ সন্তানৰ বাবে বৰ্তমান ছেইফ আলী খানে চৰ্চাৰ শিখৰত।
উল্লেখযোগ্য যে কেদাৰনাথ ছবিখনত ছাৰৰ বিপৰীতে অভিনয় কৰিব সুশান্ত সিং ৰাজপুতে। ইতিমধ্যে ছবিৰ শ্বুটিঙৰ বাবে দুয়োগৰাকী অভিনেতা – অভিনেত্ৰী উপস্থিত হৈছে ডেৰাডুনত।
ডেৰাডুনলৈ যোৱাৰ সময়ত দুয়োকে দেখা গৈছিল ডেনিমৰ জিনছ আৰু টি-চাৰ্টত। দুয়োৰে পোছাকক লৈও এতিয়া বহুজনে চৰ্চা কৰিছে।

Related Articles

Leave a Reply

Close