অসম

জাপানীজ এনকেফেলাইটিছৰ টিকা শিবিৰ সম্পন্ন

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট স্বাহ্য বিভাগৰ অন্তৰ্গত মুৰফুলনিৰ ভাগ্যপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আজি এনকেফেলাইটিছৰ টিকা শিবিৰৰ পৰা অন্ত পৰে। স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসক প্ৰিয়ংকা নাথৰ নিজা প্ৰচেষ্টাত ২৯ জুলাইৰ পৰা আৰম্ভ হোৱা টিকা শিবিৰটোত মুৰফুলনি, ভাগ্যপুৰ, ফুলবাৰী, ফুলনিবাৰী আদি অঞ্চলৰ শিশু, পুৰুষ-মহিলাসকলে বেজী লয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিগত মাহটোত অঞ্চলটোৰ ২ গৰাকী ৰোগীৰ দেহত জাপানীজ এনকেফেলাইটিছৰ ভাইৰাছ ধৰা পৰাৰ পাছতে চিকিৎসকগৰাকীয়ে এই পন্থা হাতত লয় বুলি জানিবলৈ দিছে। বাতৰি যুগুতোৱা পৰলৈকে ৯৪২ গৰাকীয়ে টিকা গ্ৰহণ কৰিছে বুলি স্বাস্থ্যকেন্দ্ৰৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close