অসমশীৰ্ষ

জুৰীয়াত এবুকু পানীৰ মাজত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

প্ৰথম খবৰ,ডুমডুমীয়া: সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হৈছে দেশৰ ৭১ তম স্বাধীনতা দিৱস ৷ ইফালে,ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিৰ মাজতো সমান্তৰালভাৱে এবুকু পানীৰ মাজতেই উদযাপন কৰা হৈছে উধান তলা মোক্তব বিদ্যালয়ত স্বাধীনতা দিৱস। উধান তলা আৰু লাঙ্গীয়া গাঁৱত থকা কেউখন চৰকাৰী,বেচৰকাৰী বিদ্যালয় তথা বিভিন্ন অনুষ্ঠান,প্ৰতিষ্ঠানত দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ মুঠতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী বানপানীৰ মাজতো দেশৰ ৭১ তম স্বাধীনতা দিৱস উদযাপন কৰা দেখা যায় বানপীড়ীত লোক সকলক ৷ এই দুখ লগা পৰিৱেশৰ মাজতো এনেদৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পাই উৎফুল্লিত হৈ পৰে বানপীড়িত অঞ্চলৰসমূহৰ জনসাধাৰণ তথা বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে।

Related Articles

Leave a Reply

Close