অসম

টিহুত আছুৰ প্ৰতিবাদ

প্ৰথম খবৰ,টিহু: অসম চুক্তিৰ ৩২ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো অসম চুক্তিৰ দফা ৰূপায়ণ নোহোৱাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহুত ৩২ গছি বন্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

কাৰ্যসূচীৰ শুভাৰম্ভ কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কিশোৰ কুমাৰ তালুকদাৰে৷ এই কাৰ্যসূচীত টিহুৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি, প্ৰাক্তন আছু কৰ্মী আদিয়ে অংশ লয়। কাৰ্যসূচীত বিভিন্ন শ্লোগানেৰে অঞ্চলটো মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীসকলে।

Related Articles

Leave a Reply

Close