অসম

টিহু কলেজ ড্ৰামাটিক চ’ছাইটিৰ বাটৰ নাট

প্ৰথম খবৰ,টিহু: আজি টিহু কলেজ ড্ৰামাটিক চ’ছাইটিয়ে টিহু কলেজ আছু গোটৰ সহযোগত টিহু মহাবিদ্যালয় আৰু টিহু নগৰৰ বি ও চিৰ সমুখত পৰাগজ্যোতি কলিতা ৰচিত আৰু প্ৰণৱ ভৰালী পৰিচালিত বাটৰ নাট “হাঁহি ” প্ৰদৰ্শন কৰে।ছাত্র সমাজত দেখা দিয়া গুট্খা সেৱন, মবাইল ফোনৰ দুৰ্প্ৰয়োগ,স্বচ্ছতাৰ সন্দৰ্ভত ৰচিত নাটখনৰ টিহু মহাবিদ্যালয়ৰ প্ৰদৰ্শন টি উদ্বোধন কৰে টিহু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দশৰথ পাঠকে।অধ্যক্ষ কিশোৰ তালুকদাৰে নাটৰ পৰিবেশনৰ বাবে ড্ৰামাটিক চ’ছাইটিৰ ভূয়সী প্ৰশংসা কৰে।ড্ৰামাটিক চ’ছাইটিৰ সভাপতি হেমেন ৰাজবংশীয়ে নাটৰ বক্তব্যৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক মনযোগ দিবলৈ আহ্বান জনায়।টিহু নগৰৰ প্ৰদৰ্শন টিৰ শুভ উদ্বোধন কৰে টিহু নগৰ সমিতিৰ সভানেত্ৰী জুপিতৰা কলিতাই।কৃষি বিষয়া উমেশ কলিতা আৰু সমাজকৰ্মী হীৰেন ভট্টাচাৰ্যই ছাত্র ছাত্ৰী সকলৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ শুভকামনা জনায়।নাটখনত অভিনয় কৰে মৃন্ময়জ্যোতি শৰ্মা, লীনা শৰ্মা, ধনজিৎ দাস,বিশাল শৰ্মা আৰু পৰাগজ্যোতি কলিতাই।নাটখনৰ ব্যৱস্থাপনাত গীতাৰ্থ দাস,ৰাকেশ হালৈ আৰু চন্দন ভৰালীৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close