সাহিত্য

ঠিকনাঃ চনকা! এখন প্ৰতিবন্দী পাহাৰৰ খোলাত বন্ধাৰ্ত উদ্যানখন

সময়ঃ এতিয়াও বেলি মাৰ যোৱা নাই; একবিংশ ইত্যাদি
প্ৰতি,
       ক’মৰেড, ৰৌদ্ৰ প্লাৱন

সাঁজ লাগিবৰ হ’লেই যেন পাওঁ। অথন্তৰে খুকুৰিয়াই বন্ধা বুকুৰ বাহলৈ নীড়মূখীজাক উভতি আহি পোৱাহি নাই। ধূলিৰ কোলাহলে চেপিছে গাঁৱৰ কেঁচা আলিবোৰৰ ডিঙি। গানৰ তেজতো বতাহৰ উভতনি। শুনিছোঁ সাঁকো চিগা ঘাটেৰে পাৰ হৈছে বলিয়া সোঁত। অভব্য শিহৰণে আহি দুই-এবাৰ কুৰুকি গৈছেহি শুকান মাটিৰ হাড়।

          আজিলৈ আন্ধাৰ নামিল। বাটী থোৱা ভাগেই আছে তপত নিশ্বাসৰ শলিতা। দম -দম ক্ষোভৰ জুই ! কোন উদয়ায়নত গৈ বিছাৰি পাইছা! আপোন পাহাৰৰ কাঁচলিপতা শিলৰ দুহাতত বাকিবলৈ এটুপী জিয়া ৰ’দ। বেগতে খবৰ দিবা।
নাই ক’মৰেড! হুমুনিয়াহৰ প্ৰশ্ৰয় নাই বুকুত। তুমি উভতি নহালৈকেহে থাকিব সেউজীয়া কৰ্ষণৰ আচোঁৰ! পুৱালৈ যিমান বাকি আমাৰ মন শকতিৰো সিমানেই কাঠি। কৃষ্ণকায় শিল্পৰ সাধন শিলৰ শিপাৰ পৰা পাহাৰ বগোৱা জোৰ বান্ধিছোঁ। হৰিৎ-প্ৰাণ মূৰ্তিৰ প্ৰতি তুৰ্য আহুতিত আমাৰ প্ৰাৰ্থনা গাঁঠিছো। পিয়াহৰ পাহে-পাৱলিয়ে চেকুঁৰি আঁহক তোমাৰ পৰমাত্মাৰ তাপস্বী তেজ আৰু অম্লৰ সূঁতি।

ক’মৰেড, দিকচৌৰ বনচাই পুলিটোৰ বগাকৈ শিপা এডালি ওলাইছে। যেন সৰু এখনি জেৰুজালেম আমাৰ খৰাং চাপৰিটোত পোখাব ধৰিছে, গোপনে। ঐতিহ্যৰ এখিলি পাতত সিখিলি বান্ধি আমাৰ কোমল প্ৰগাঢ়ৰ কুঁহিটো কলিয়াইছে। তাৰেই জ্যোতি তৰঙ্গই ফিৰিঙি ফিৰিঙি কাটিছে আমাৰ মৰ-আঁউসীৰ বাট। জেতুকা পাতৰ বসন্ত বাকিছে কূটিল ৰক্তাঘাত। তাৰ পূৰঠ কমোঁৱা তুলাৰ কোঁহে কোঁহে সূৰ্যস্নাতঃ সপোনৰ আশ্ৰম পাতিছে। ঘন বাৰিষাৰ উচ্ছল আৱৰা-ডাৱৰৰ দৰে তাৰ প্ৰতিটো সাধুতেই মূখৰিত তোমাৰে-আমাৰে ঈচ্ছাৰ ঠিকনা। চেঁও ধৰি ধৰি পাৰ হৈছে ঋতু; চটিয়াই থৈ গৈছে বিজুলী ফুলৰ ৰং।

             নাঙলৰ সীৰলুত শান দিয়া হৈছে। নৈবেদ্যৰ থালিত সজোৱা হৈছে আমাৰ সশ্ৰদ্ধ প্ৰণাম আৰু উদয়াদ্বীপ্ত হৃদয় ৰাগ। ৰুক্ষ মাটিৰ পৃষ্ঠাই-প্ৰশস্তিয়ে কাকলিয়াই ৰওক তাৰ প্ৰজ্ঞাপাঠ। দুৰ্বাৰ আকাঙ্ক্ষাৰে শ্ৰমশিল্পৰ পৰা সাকাৰ অভিনত্বলৈ দৌৰি থাকক বৰ্ণিল বিশ্বৰ প্ৰতি পাহ সুগন্ধি ।

পুৱালৈ আৰু এপলক। দেহত অনুভৱ কৰিছোঁ অলিন্দ-নিলয় সন্ধিত এশ এটি তেজাল অনুৰণনৰ কোৱ। বুজিছোঁ আন্ধাৰেই আমাৰ তুলিকা পট। আকাশত দেখিছোঁ এচেৰেং বিক্ষিপ্ত আভাৰ সৌখন ৰহণ ৰথ। ৰথত সজোৱা আছে অনন্ত লক্ষ্যৰে ৰাভাৰ এটি শ্যামলীম খোজ।
                                   

                                 ইতি

                                     লালচালাম
                           অভিশপ্ত সময়ৰ এপৃষ্ঠাৰ পৰা

Related Articles

Leave a Reply

Close