অসম

ডিপোটা নদীৰ বাঢ়নী পানীত বুৰ গ’ল হলেশ্বৰ মৌজাৰ বিস্তীৰ্ণ অঞ্চল

প্ৰথম খবৰ,তেজপুৰ: যোৱা তিনি দিন ধৰি চলি থকা নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠা ডিপোটা নদীৰ বাঢ়নী পানী সোমাই শোনিতপুৰ জিলাৰ তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হলেশ্বৰ মৌজাৰ মিলনপুৰ, ডিপোটা, কুণ্ডাৰবাৰী, নবিন বৰা চুবুৰি আদি অঞ্চল সমূহ বুৰাই পেলোৱাৰ লগতে অঞ্চল সমূহৰ পৰিয়াল সমূহৰ পশুধন,সা-সম্পত্তি,সামগ্ৰী আদি বানত আবদ্ধ হৈ পৰিছে। ইয়াৰ উপৰিওঁ অঞ্চলসমূহৰ খেতিপথাৰসমূহ পানীৰ তলত থকাত শালিধানৰ খেতি সমূহ নষ্ট হোৱাৰ আশংকাত কৃষক ৰাইজে মূৰে কপালে হাত দিছে। উল্লেখ্য যে যোৱা জুলাই মাহত বছৰটোৰ প্ৰথমটো বানত নৈখনৰ কোবাল সোতে মিলনপুৰ -ডিপোটা পৰা তেজপুৰ-ৰঙাপৰা গড়কাপ্টানী পথৰ দুই কাষৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছিল।

Related Articles

Leave a Reply

Close