অসম

তালাপত বিদ্যালয় একত্ৰিকৰণৰ পাছত নামাকৰণক লৈ বিতৰ্ক

প্ৰথম খবৰ, তালাপ: তিনিচুকীয়া জিলাৰ তালাপ বজাৰ স্থিত ৰামেশ্বৰ মধ্য ইংৰাজী বিদ্যালয় আৰু তালাপ বালিবজাৰ প্ৰাথমিক বিদ্যালয়ক চক্ৰান্ত মূলকভাৱে তালাপ বালিবজাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰাৰ পৰৱর্তী সময়ত বিদ্যালয়ৰ নামাকৰণক কেন্দ্র কৰি তুমুল বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। ৰামেশ্বৰ মধ্য ইংৰাজী বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ বিপৰীতে তালাপ বালিবজাৰ হাইস্কুল খনো সোণালী জয়ন্তী বৰ্ষত ভৰি দিছেহি।

সম্প্ৰতি দুয়োখন বিদ্যালয়ৰ ক্ষেত্ৰত পূৰ্বৰ নাম এৰি নতুন নামেৰে পৰিচয় দিয়াৰ ক্ষেত্ৰত ৰাইজৰ আবেগ অনুভূতিয়ে স্থান লাভ কৰাত এতিয়া বিদ্যালয় কৰ্তৃপক্ষ বিবুদ্ধিত পৰা পৰিলক্ষিত হৈছে । ইফালে মধ্য ইংৰাজী বিদ্যালয়খন জনৈক ৰামেশ্বৰ লাল মোদীৰ পৰিয়ালে দান কৰা ভূমিত অবস্থিত হোৱাৰ হেতুকে দাতাৰ পৰিয়ালে যিকোনো কাৰণতে তেওঁলোকৰ পূৰ্বপুৰুষৰ নাম আতৰাব নিবিচৰাৰ কথাই একত্ৰিকৰণৰ পক্ষত থকা সকলৰ নিদ্ৰা হৰণৰ অবস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ নাম সলনি কৰিলে মোদী পৰিয়ালে বিদ্যালয় স্থাপনৰ বাবে আগবঢ়োৱা মাটিৰ কথা পুনৰবাৰ চিন্তা কৰিবলৈ বাধ্য হ’ব বোলা কথাৰ লগতে পৰিয়ালটোৱে আদালতৰ দ্বাৰস্থ হোৱা বুলি ওলোৱা কথাই এইসকলৰ টোপনি হৰণ কৰিছে। সম্প্ৰতি এই নামাকৰণক কেন্দ্র কৰি চলা বিতৰ্কই তুংগত উঠা দেখিবলৈ পোৱা গৈছে । দুয়োখন বিদ্যালয় স্থাপনৰ সময়ত থকা ৰাইজৰ অৱদান তথা বিদ্যালয় দুখনৰ পুৰণী ইতিহাসৰ প্ৰতি লক্ষ্য ৰাখি একত্ৰিকৰণৰ সিদ্ধান্তকেই সলনি কৰাৰ পক্ষে বুজন সংখ্যক ৰাইজ থিয় হোৱাৰ কথাত বিপৰীত পক্ষত তীব্র জোকাৰণিৰ সৃষ্টি কৰিছে ।

 

Related Articles

Leave a Reply

Close