অসম

দিখৌমুখ-ৰূপহীমুখত বিভিন্ন দল-সংগঠনৰ বান সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, দিখৌমুখ: শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌ-ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া বানাক্ৰান্ত দিখৌমুখ আৰু ৰূপহীমুখত আজি একাধিক ব্যক্তি আৰু দল-সংগঠনে বান সাহাৰ্য বিতৰণ কৰে৷ শিৱসাগৰৰ অগ্ৰণী বেচৰকাৰী অনুস্থান ৰাজহংস ক্লাৱে বানাক্ৰান্ত অঞ্চলটোৰ তেলীয়াডোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত চাউল, দাইল, নিমখ, বিস্কুত, গাখীৰ, চিৰা, গুৰ, মিঠাতেল আদি প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে৷

সংশ্লিষ্ট ক্লাৱৰ সভাপতি-সম্পাদক ক্ৰমে ইন্দ্ৰজিত বড়া, ৰাজীৱ বৰপূজাৰী আৰু কাৰ্যকৰী সভাপতি অমিতাভ বৰুৱাৰ নেতৃত্বত অহা দলটোৱে স্থানীয় গাঁওবুঢ়া আৰু লাট মণ্ডলৰ সহযোগত অঞ্চলটোৰ অন্যতম বান বিধ্বস্ত ১ নং আলিমূৰ আৰু জনমিৰি বৰগাঁৱতো সাহাৰ্য সামগ্ৰী বিতৰণ কৰে৷

অন্যহাতে জিলাখনৰ ম’ৰাবজাৰবাসী ৰাইজৰ হৈ অঞ্চলটোৰ কেইগৰাকী মান উদীয়মান যুৱকেও গাঠীৰ ধন ভাঙি ১ নং আলিমূৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷ দিখৌমুখৰ বানাক্ৰান্ত ৰাইজলৈ সহানুভূতিশীল সাহাৰ্য বিতৰণ কৰা উক্ত দলটোত ম’ৰাবজাৰৰ আজিজ আহমেদ, মোজামিল হুচেইন, ৰছিদ আহমেদ, মইনুল হক, বাহাৰুল ইছলাম, ইনামূল হুচেইন, মেৰাজ আহমেদ, মুকিবুদ্দিন আহমেদ আৰু দিলীপ দত্তই অংশগ্ৰহণ কৰে৷ স্মৰ্তব্য যে গেলেকীৰ আঞ্চলিক বীৰাংগনা মহিলা সমিতি আৰু আদৰ্শ বিদ্যাপীঠ, গেলেকীৰ যৌথ উদ্যোগত ইতিমধ্যে দিখৌমুখৰ দেওঘৰীয়াত বান সাহাৰ্য বিতৰণ কৰি যোৱা দলটোৱে উক্ত দিনাই বান বিধ্বস্ত ৰূপহীমুখত বিতৰণৰ বাবে যোগান ধৰি থৈ যোৱা এগাড়ী কাপোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰীৰ সাহাৰ্যখিনি আজি দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অঞ্চলটোৰ বানাক্ৰান্ত লোসকলৰ মাজত বিতৰণ কৰে৷

ইফালে শিৱসাগৰ জিলা প্ৰশাসনেও বৃহত্তৰ দিখৌমুখ আৰু ৰূপহীমুখ অঞ্চলৰ পশুধনৰ বাবে যোগান ধৰা এশ কুইন্টল পশু খাদ্য বিভাগীয় লোকে দিখৌমুখৰ কৃষ্ণছিগা, ১ নং আলিমূৰ, ২ নং আলিমূৰ, দেওঘৰীয়া, তেলীয়াডোঙা, জনমিৰি বৰগাওঁ আৰু ঐতিহাসিক স’ৰাগুৰি চাপৰিৰ লগতে ৰূপহীমুখৰ ১ নং ৰূপহীমুখ, ২ নং ৰূপহীমুখ আৰু ৰূপহীমুখ মিছিং গাঁৱত বিতৰণ কৰে৷ সেয়ে হ’লেও প্ৰশাসনে যোগান ধৰা পশুখাদ্য অঞ্চলদুটাৰ পশুধন অনুপাতে পৰ্যাপ্ত নোহোৱাত সংশ্লিষ্ট বানাক্ৰান্ত গাঁও সমূহত পৰ্যাপ্ত পশু খাদ্য যোগান ধৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Close