অসম

দুধনৈ ৰাজহুৱা খেলপথাৰত ৭১ স্যংখক স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ, দুধনৈ: ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত লগতে দুধনৈৰ স্থানীয় প্ৰশাসন আৰু বিভিন্ন দল সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত দুধনৈ ৰাজহুৱা খেল পথাৰত উদযাপিত হৈছে ৭১ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই। পতাকা উত্তোলনৰ আগমুহুৰ্তত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকললৈ বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই।

স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুসৰি শ্ৰেষ্ঠত্বৰ ভিত্তিত ৰাজেন ৰাভা সোঁৱৰণি সাহিত্য বঁটা মৰণোত্তৰভাৱে কামৰূপৰ চুকুনীয়া পাৰাৰ স্বৰ্গীয় বীৰেণ ৰাভালৈ, ৰাজেন পাম শিল্পী সোঁৱৰণী বঁটা কংগ্ৰেছ ৰাভালৈ, সাংবাদিকতা বঁটা নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিক বেনজি বড়োলৈ, অসমৰ প্ৰথম মহিলা কবি বগেজাৰী বাই বঁটা ক্ষীৰদা শইকীয়ালৈ, উদ্যোগী বঁটা ৰুমী ৰায় আৰু ধৰ্মেশ্বৰ ৰাভালৈ আৰু কৃষি বঁটা কলাধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভা আৰু কল খেতিয়ক দেৱব্ৰত ৰাভালৈ আগবঢ়োৱা হয়। অনুষ্ঠানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন আৰু ভিন্ন জাতি জনগোষ্ঠীৰ দ্বৰা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close