অসম

দুলীয়াজানত আছুৰ অগ্নিশিখা প্ৰজ্জ্বলন কাৰ্যসূচী

প্ৰথম খবৰ, দুলীয়াজান: ৩২ বছৰীয়া অসম চুক্তি সম্পাদনৰ প্ৰাকক্ষণত আজি সন্ধিয়া দুলীয়াজান আছুৰ কেন্দ্ৰীয় শ্বহীদ বেদীৰ প্ৰাংগণত স্থানীয় ৩২ গৰাকী নাগৰিকৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুলীয়াজান আঞ্চলিকৰ উদ্যোগত সম্পাদক প্ৰদীপ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত আৰম্ভণিতে টিপলিংঘাট হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বুৰঞ্জীবিদ জগত বৰুৱাৰ উদ্বোধনী ভাষণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী মুকলি কৰা হয়।

অসম চুক্তি ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ সকীয়নীৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাংগঠনিক সম্পাদক অনিল গগৈ, ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সহঃ সম্পাদক উৎপল সন্দিকৈ, কাৰ্যনিৰ্বাহক আব্দুল ছাত্তাৰ, দুলীয়াজান আঞ্চলিকৰ সভাপতি ৰুবুল গগৈ সহ অন্যান্য বিষয়ববীয়া সদস্যসকল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close