অসমশীৰ্ষ

দুলীয়াজানত দুধৰ্ষ আলফা (স্বাধীন ) কেডাৰ গ্ৰেপ্তাৰ

প্ৰথম খবৰ, দুলীয়াজান: ডিব্ৰুগড় আৰক্ষী অধীক্ষক গৌতম বৰাৰ নিৰ্দেশ মৰ্মে দুলীয়াজান থানা আৰু ভাদৈ আৰক্ষীয়ে সেনাবাহিনীৰ ১৯ নং জাঠ ৰেজিমেন্টৰ সহযোগত আজি দুলীয়াজানৰ পৰা এজন দুধৰ্ষ আলফা (স্বাধীন ) কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত আলফা কেডাৰজন তিনিচুকীয়া জিলাৰ ডিৰাক সোণজান গাঁৱৰ মুনিন্দ্ৰ শইকীয়াৰ পুত্ৰ স্বাধীন শইকীয়া ওৰফে জ্যোতিষ অসম (২৪) বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

দুলীয়াজানৰ নতুন বাছ-আস্থানৰ পৰা গ্ৰেপ্তাৰ কৰা আলফা কেডাৰজনৰ পৰা আৰক্ষীয়ে ৭.৬৫ এটা পিষ্টল, এটা মেগজিনসহ ৬ ৰাউণ্ড কাৰ্টিজ, সংগঠনৰ বেজ আৰু ২ হাজাৰ টকীয়া ৪ খন নোট অৰ্থাৎ ৮ হাজাৰ টকা উদ্ধাৰ কৰে।

আৰক্ষীয়ে উল্লেখ কৰা মতে, গোপন সূত্ৰৰ যোগেদি আজি প্ৰায় ১২ বজাৰ পৰা তিনিঘণ্টীয়া অভিযান চলাই উক্ত আলফা কেডাৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন কেডাৰজন গুৱাহাটী যাবলৈ যো-জা চলাইছিল।আজি এই ঘটনাৰ সংক্ৰান্তত দুলীয়াজান থানাত উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close