অসম

দুলীয়াজানত পথ দুৰ্ঘটনা, নিহত ২ আৰু এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ 

প্ৰথম খবৰ, দুলীয়াজান: দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী পথাৰ ১ নং চিৰিংখাটত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ লগতে এজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত বুলি জানিব পৰা গৈছে । মুখামুখি সংঘৰ্ষত থিতাতে নিহত হোৱা লোকজন ১নং চিৰিংখাটৰ বিজয় ঘাঁচি (৬৫) আৰু অইল হাস্পতালত মৃত্যু হোৱা লোকজন হাতীঘূলি ধলাৰ প্ৰয়াত ৰাজেন চেংলাৰী পুত্ৰ ১৯ নং আই আৰ বি এনৰ জোৱান নুবুল চেংলাৰী বুলি চিনাক্ত কৰা হৈছে। অন্যহাতে ঘাঁচিৰ সহযোগী ৰাজীৱ কৰ্মকাৰক সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজীৱ কৰ্মকাৰে এ এচ ০৬ এল — ৯৩৩৪ নম্বৰৰ হিৰ’হোণ্ডা স্পেলেণ্ডাৰে দুলীয়াজানৰ পৰা টিংৰাই অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা নুবুল চেংলাৰীয়ে এ এচ ০৬ টি ৪৮০২ নম্বৰৰ ২২০ পালছাৰ বাইকেৰে খুন্দা মৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

Related Articles

Leave a Reply

Close