অসম

দেৰগাঁৱত ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ, দেৰগাঁও: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ দেৰগাঁৱতো প্ৰশাসনৰ উদ্যোগত মঙ্গলবাৰে উদযাপন কৰা হয় দেশৰ ৭১সংখ্যক স্বাধীনতা দিৱস। স্থানীয় নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়া তথা দেৰগাঁও চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া কুকিলা গগৈয়ে। স্মৃতি তৰ্পন কৰে মুক্তিযোদ্ধা গণেশ হাজৰিকাই। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী আৰু শতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।
আনহাতে দেৰগাঁৱৰ ৩নং গেটতো মাদ্ৰাচা এ আৰবীয়া হুচেইনীয়াতো উদযাপন কৰা হয় দেশৰ ৭১সংখ্যক স্বাধীনতা দিৱস। এই অনুষ্ঠানত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুক্তিযোদ্ধা গণেশ হাজৰিকাই।

Related Articles

Leave a Reply

Close