অসমনিবন্ধশীৰ্ষসাহিত্য

কিয় দীনদয়ালময় কৰিব খুজিছিল হিমন্তই?

[[ দৈনিক ডায়েৰি ]]

সৌৰভ জ্যোতি চেতিয়া

দীনদয়ালকলৈ অসমত বিগত কিছুদিন ধৰি ব্যাপক বিতৰ্ক চলি আহিছে। বিতৰ্ক হোৱাটোৱেই স্বাভাৱিক। কিয়নো হঠাৎ অসমলৈ আহিল দীনদয়াল উপাধ্যায়। দীনদয়ালৰ আৰ্ৱিভাৱ হোৱাৰ পিছত ঘোষণা কৰা হ’ল ইটোৰ পিছত সিটোকৈ আঁচনি। ইতিমধ্যে দীনদয়ালৰ নামত বহু আঁচনি ঘোষণা কৰা হৈছে।

মহানগৰীৰ অতিকৈ ব্যস্ত পথ লালগণেশ-কাহিলীপাৰা পথ দীনদয়ালৰ নামেৰে নামাকৰণ কৰা হৈছে; কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিও অসমত আছে। ইয়াৰ পিছতো অসমবাসীৰ বাবে আচহুৱা দীনদয়ালৰ নামত ৰাজ্য চৰকাৰে ২২খনকৈ মহাবিদ্যালয় স্থাপন কৰিবলৈ লোৱাত ক্ষোভিত হৈ পৰিছে অসমৰ বৌদ্ধিক মহল।

প্ৰশ্ন উত্থাপন হৈছে অসমত মহান মনিষীৰ অভাৱ নেকি? যাৰ বাবে বহিৰাগত মনিষী মডেল অসমলৈ হাইজেক কৰা হ’ল?  সেই প্ৰশ্ন চৰকাৰখনক অসমৰ ৩ কোটি জনতাই কৰিব। আনন্দৰাম ঢেকীয়াল ফুকন, বাণীকান্ত কাকতি, আনন্দৰাম বৰুৱা, দেৱকান্ত বৰুৱা আদিৰ দৰে মনিষী চাওলুং চুকাফা, বীৰ লাচিতৰ দৰে মহান নেতাসকলৰ অসমৰ প্ৰতি অৰিহণা নাই নেকি?

এতিয়া প্ৰশ্ন হ’ল কিয় ২২খনকৈ কলেজ দীনদয়ালৰ নামত স্থাপন কৰিবলৈ লোৱা হৈছে? ইয়াৰ উদ্দেশ্য কি? কিন্তু সেই কথা আলোচনা কৰাৰ পূৰ্বে দীনদয়াল মহাবিদ্যালয়ৰ আঁৰৰ কিছু কথা কোৱা প্ৰয়োজন।

এই মডেল কলেজ বা আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা আঁচনি বহু পূৰ্বৰ। এয়া কোনো দীনদয়ালৰ নামেৰে নামাকৰণ কৰা আঁচনি নহয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ১২ খনকৈ জিলা চমুকৈ EBD ( Educationally Backward District)ৰ আওতাত পৰে। দেশৰ সৰ্বমুঠ ৩৭৪খন জিলা ইয়াত অন্তৰ্ভূক্ত। শৈক্ষিকভাৱে পিছপৰা জিলাসমূহত শিক্ষাগত মান উন্নত কৰাৰ বাবে আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ২০০৮ ত। ২০০৭ ত বিশ্ববিদ্যালয় অনুদান আয়োগে এছ পি ত্যাগৰাজনৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনৰ মডেল কলেজ স্থাপনৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে লৈছিল এই সিদ্ধান্ত। এই আঁচনি অনুসৰি EBD ৰ অন্তৰ্গত জিলাসমূহত ২০০৭ চনৰ পাছৰ কোনো নতুন কলেজ ৰাজ্য চৰকাৰে ইয়াৰ অধীনত ল’ব পাৰিব বা ১০ কিলোমিটাৰলৈকে কলেজ নথকা অঞ্চলসমূহত তেনে মডেল কলেজ স্থাপন কৰিব পাৰিব। আৰু কলেজসমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ সৰ্ম্পূণ খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে।

পৰিকল্পনা অনুসৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰতিখন কলেজলৈ আগবঢ়োৱা হৈছিল ৯ কোটি কৈ টকা। আৰু ৰাজ্য চৰকাৰে কলেজত নিযুক্তি পাবলগীয়া শিক্ষক আৰু আন চাকৰিয়ালৰ দৰমাহৰ লগতে আন আন নিয়মীয়া খৰচসমূহ বহন কৰিব। ২০১৩ৰ জানুৱাৰীৰপৰা EBDৰ জিলাসমূহত কলেজ নিৰ্মাণ কাম আৰম্ভ হয়। কিন্তু নিৰ্মাণ লেহেমীয়া হোৱাত ২০১৭ৰ পৰা তেনে চাৰিখন কলেজতহে শৈক্ষিক বৰ্ষ আৰম্ভ হয়।

এতিয়া মূল কথা হ’ল ৰাজ্য চৰকাৰে স্থাপন কৰিবলৈ লোৱা ২২খনকৈ কলেজ দীনদয়াল নামত স্থাপন কৰাৰ কোনো নিদেৰ্শনা কেন্দ্ৰৰ নাই। ১৯ আগষ্টত বজালী মহাবিদ্যালয়ৰ প্ৰৱক্তা অনন্ত কুমাৰ শৰ্মাই প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰটো প্ৰধানমন্ত্ৰী কাৰ্যালয়ে স্পষ্ট ভাৱে উল্লেখ কৰিছে যে তেনে কোনো নিদেৰ্শনা নাই।

গতিকে ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তত এটা কথা বুজিব পাৰি যে দীনদয়ালময়ৰ আঁৰত কেৱল নৰেন্দ্ৰ মোদী চৰকাৰক, তৈলমৰ্দনৰ চেষ্টাহে।

এনে অপ্ৰয়োজনীয় সিদ্ধান্তই চৰকাৰখনক নিশ্চয় কৈ শ’লঠেকত পেলাব। কিয়নো ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। গঠন হৈছে জনমত। গতিকে বিতৰ্কলৈ নগৈ এই মডেল কলেজসমূহ অঞ্চলটোৰ নাইবা অসমৰ মহান মনিষীসকলৰ নামত ৰাখিব পাৰে। শৈক্ষিকভাৱে পিছপৰা অঞ্চলসমূহত মডেল কলেজে আশাৰ বতৰা কঢ়িয়াছিল। কিন্তু শেহতীয়াকৈ নামকৰণ বিতৰ্কই সমগ্ৰ বিষয়টো লেহেমীয়া কৰিছে যিটো অতিকৈ দুৰ্ভাগ্যজনক। জনসাধাৰণক বিশ্বাসত লোৱা চৰকাৰখনে শীঘ্ৰে এক সময়োচিত পদক্ষেপ গ্ৰহণ কৰাটো চৰকাৰখনৰ পক্ষে মংগলজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close