অসম

দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধনপতি কলিতাৰ মৃত্যু

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: আজি ৰাতিপুৱা ৪. ৩০ মান বজাত সাহিত্যিক পেঞ্চনাৰ, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মংগলদৈ নিবাসী ধনপতি কলিতাৰ মৃত্যু হয়। নিজ বাসভৱনত বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয় সু সাহিত্যিক জনৰ। মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৮৬ বছৰ।

ধনপতি কলিতাৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দৰং জিলা সাহিত্য সভাকে ধৰি বিভিন্ন দলং সংগঠন, ব্যক্তিয়ে কলিতাৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰে ।

Related Articles

Leave a Reply

Close