অসম

দৰঙৰ শিলবৰীত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰঃ তিনি ইঞ্চি মাছ এটাৰ মূল্য পাঁচ হাজাৰ

প্ৰথম খবৰ, খাৰুপেটিয়াঃ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই শিলবৰীৰ পৰা বিৰল প্ৰজাতিৰ ৮ টাকৈ মাছ সহ আটক কৰে খাইৰুল ইছলাম আৰু ইনামুল ইছলাম নামৰ লোক দুজনক। পিপলী চেং বা চানা বুৰকা নামৰ এই বিৰল প্ৰজাতিৰ মাছ বিধ বিশ্বৰ ভিতৰত একমাত্ৰ অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যত পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ পাশ্বৱৰ্তী বিল জলাশয় সমূহত থকা এই বিধ বিৰল প্ৰজাতিৰ মাছৰ মূল্য স্থানীয় বজাৰত ৫-৬ হাজাৰ টকা ( প্ৰতিটো) বুলি কয় ধৃত যুৱক খাইৰুল ইছলামে। খাইৰুল ইছলামৰ ঘৰ ওদালগুৰি জিলাৰ জংগল গাঁৱত। দীৰ্ঘদিন ধৰি উদ্যানখনৰ পাশ্বৱৰ্তী অঞ্চলৰ পৰা বিৰত প্ৰজাতিৰ মাছৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত খাইৰুল ইছলামক নামৰ যুৱকজনক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিব বিৰল প্ৰজাতিৰ মাছ বিধৰ আচল তথ্য।

Related Articles

Leave a Reply

Close