অসম

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত সাংসদ বদৰউদ্দিন আজমল, বিধায়ক নজৰুল হকঃ চাউল, দাইল, চিৰা বিতৰণ

প্ৰথম খবৰ, ধুবুৰীঃ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ ভোগডহ আৰু পাটামাৰী গাঁও পঞ্চায়তত আজি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰউদ্দিন আজমল আৰু ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকে পঞ্চায়ত দুটাত উপস্থিত হৈ বানপীড়িত ৰাইজৰ মাজত চাউল, দাইল, চিৰা আৰু তিৰ্পালকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে, সাংসদ আজমলৰ ব্যক্তিগত এন জি অ’ আজমল ফাউণ্ডেশ্যন তৰফৰ পৰা এই সামগ্ৰীবোৰ বন্যাৰ্তৰ ৰাইজৰ মাজত বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close