অসমবানপানী ২০১৭শীৰ্ষ

ধুবুৰীৰ মিলনপুৰত বানত সংঘটিত হৈছে এক শোকাৱহ  দুৰ্ঘটনা 

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলৰ শোনাপাৰা, মিলনপুৰত বানত ৰফিকুল ইছলাম নামৰ ১৬ বছৰীয়া যুৱক এজনৰ মৃত্যু ঘটে। আজি ৰাতিপুৱাৰ ভাগত যুৱকজনৰ মৃতদেহটো ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰা হয়।

ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃতদেহটো পোষ্টমৰ্টন কৰি যুৱকজনৰ মৃতদেহটো নিজ বাসগৃহ ফকিৰগঞ্জ অঞ্চলৰ শোনাপাৰা, মিলনপুৰৰ গাঁও লৈ নাওৰে পঠোৱাই দিয়ে ।

দুখজনক বিষয় এইয়া যে, চৰকাৰৰ অবহেলা আৰু সীমান্ত অঞ্চলৰ নদী ভাগত  সঠিক যন্ত্ৰৰ অভাৱত আজি এই যুৱকজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়।

Related Articles

Leave a Reply

Close