অসম

ধেমাজিত বন্যাৰ্তক সাহাৰ্য প্ৰদান ছাত্ৰ সন্থাৰ

প্ৰথম খবৰ, গোগামুখ: জীয়াধল নৈৰ প্ৰৱল বানে আজি ধেমাজি জিলাৰ ধেমাজি ৰাজহচক্ৰৰ অন্তৰ্গত পশ্চিম ধেমাজিৰ গুঁইয়ে খন্দাত কুমতীয়াৰ মথাউৰী চিঙি প্ৰায় ১৫ খন গাঁও জলমগ্ন কৰে৷ গুঁইয়ে খন্দা, গোঁহাইচাপৰি, খলিহামাৰি,ব’ঠাদৈ, ধোৱাবাৰী আদি গাঁৱৰ প্ৰায় তিনি হাজাৰ লোক বানৰ ফলত আশ্ৰয় শিৱিৰত অৱস্থান কৰিব লগাত পৰিছে৷ আজি ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে উল্লিখিত অঞ্চলত বান সাহাৰ্য প্ৰদান কৰে।

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ ৰঞ্জন চুতীয়া, গোগামুখ আঞ্চলিকৰ সভাপতি মৃদুল হাজৰিকা প্ৰমুখ্যে ছাত্ৰৰ দলটোৱে বন্যাৰ্তসকলৰ মাজত খোৱাপানীৰ বটল আৰু বিস্কুত বিতৰণ কৰে৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এই কাৰ্যত কৃতজ্ঞতা প্ৰকাশ কৰিছে বানাক্ৰান্ত ৰাইজে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close