অসমশীৰ্ষ

ধেমাজিৰ কুমতীয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী : যাতায়ত ব্যাহত

প্ৰথম খবৰ,গোগামুখ: যোৱা কেইদিন ধৰি অসম তথা চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা প্ৰৱল বৃষ্টি পাতৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা কুমতীয়া নৈয়ে ধেমাজিত তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ নৈ খনৰ বাঢ়নি পানীয়ে উজনিত দিহিৰি অঞ্চল প্লাৱিত কৰাৰ লগতে ৷ আজি পুৱতি নিশা প্ৰায় তিনি বজাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় পথৰ কুমতীয়া দলঙৰ পশ্চিম মূৰে পানী বাগৰাৰ ফলত ধেমাজিৰ স’তে বৰ্হি বিশ্বৰ পথ যোগাযোগ ব্যাহত হৈছে ৷ জোনাই, পাচিঘাট আদি ঠাইলৈ যাবলগা নৈশ বাছসমূহ আবদ্ধ হৈ পৰাত যাত্ৰী সকল হাৰাশাস্তিৰ সন্মুখিন হৈছে ৷ বাতৰি লিখাৰ পৰলৈকে ধেমাজি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও স্থানীয় ৰাইজে বালিৰ বস্তাৰে ভেটি পথটোৰ পকী অংশ কোনোমতে ৰক্ষা কৰিছে ৷ অৱশ্যে নৈ খনৰ পানী ক্ৰমাত হ্ৰাস পাই অহাত পথচোৱাৰে পুনৰ যান বাহন চলাচল কৰাৰ সম্ভাৱনা আছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close