অসমশীৰ্ষ

ধেমাজিৰ পৰিবহন বিভাগত দুৰ্নীতি

প্ৰথম খবৰ, গোগামুখ: ধেমাজ জিলা পৰিবহন বিভাগত চলি থকা পৰ্বত প্ৰমাণ দুৰ্নীতিৰ তথ্য ফাদিল কৰিবৈল গৈ বিপদত পৰিছে এজন সাংবাদিক। ওলটি চোৰে গিৰিক বান্ধে আৰু চাৰি কিল গিৰিকেই সাধে। ঠিক এনে এটা ঘটনাই সংঘটিত হৈছে ধেমাজি জিলা পৰিবহন বিভাগ আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত।

আমাৰ হাতত পৰা তথ্য মতে ধেমাজি জিলা পৰিবহন বিভাগৰ এজন ভেন্ডৰে ড্ৰাইভিং লাইচেন্স প্ৰদানৰ বাবে মুকিল মুৰীয়াকৈ, নিসংকোচে ধন দাবী কৰাই নহয় সংগ্ৰহো কৰি অছিল আৰু কাৰ্যালয়টোত এনে বহু দালালে ধনৰ বিনিময়ত আৰক্ষী অধীক্ষকৰৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট, মেডিকেল ৰিপৰ্ট নিজেই সৱ সংগ্ৰহ কৰি লাইচেঞ্চ প্ৰদান কৰে।

এইজন লোকৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰিবলৈ ২৮ আগষ্টত উপস্থিত হৈছিল এটা বৈদ্যুতিন মাধ্যমৰ এজন সাংবাদিক। কাৰণ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টসমূহ দিছিল এইটো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই। কিন্তু সাংবাদিকক দেখি বহা চকীৰ পৰা উঠি আহি সাংবাদিক জনলৈহে চোঁচা লৈছিল কাৰ্যালয়টোৰ কৰ্মী দীননাথ গগৈ আৰু গুণ বৰুৱাই।

তাতেই সন্তুষ্ট নাথাকি ওলোটাই উক্ত সংবাদকৰ্মীজনৰ ওপৰত কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীক অপমান কৰা বুলি এক গোচৰ তৰাৰ কথাও এক গোপন সূত্ৰই সদৰি কৰিছে। ইপিনে, সাংবাদিক জনে জানিবলৈ দিয়া মতে ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত কেইজন মান দালালে বছৰ বছৰ ধৰি আৰক্ষী অধীক্ষকৰ কৰ্মচাৰীৰ লগত মিলি এনেদৰে ভূৱা ভেৰিফিকেশ্যন ৰিপৰ্ট সংগ্ৰহ কৰি লাইচেঞ্চ প্ৰদান কৰি আহিছে।

এই বিষয়ে ধেমাজি জিলা আৰক্ষী অক্ষীক্ষকক জনোৱাত বিষয়টো কোনো গুৰুত্বই প্ৰদান নকৰিলে বিষয়া ধেমাজি জিলা চুতীয়া জাতি ছাত্ৰ সন্থাই উক্ত দুৰ্নীতিৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে সাংবাদিকক অপমান কৰা আৰু গোচৰ তৰা কাৰ্যৰ গৰিহনা দিছে। উল্লিখিত ঘটনাৰ লগত জৰিত সংবাদ কৰ্মীজন হৈছে প্ৰাগনিউজৰ গোগামুখৰ সাংবাদিক ঋতুৰাজ চুতীয়া।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close