অসম

ধোপাবৰ সমবায় সমিতিৰ নিৰ্বাচন : বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ

প্ৰথম খবৰ,শিমলুগুৰি: নাজিৰা মহকুমাৰ ধোপাবৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন কালি ৰমনি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাহগড় মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সমবায় সমিতিখনৰ নতুন পৰিচালনা সমিতিখন গঠনৰ উদ্দেশ্য ১৪ জন সদস্য বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। ৩১৩৭ জন অংশীদাৰ থকা সমবায়খনৰ নিৰ্বাচনত মুঠ ১০৬০ জন অংশীদাৰে ভোটদান সাব্যস্ত কৰে। মাজনিশা ঘোষণা কৰা ফলাফলত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত ১৪ জন প্ৰাৰ্থীয়ে জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিজেপি সমৰ্থিত বিজয়ী প্ৰাৰ্থীসকল হৈছে- গিৰিশ বড়া, নৰেশ তালুকদাৰ, বেদ ফুকন, বিৰেন ফুকন, দেবানন্দ ফুকন, আমিৰ বাঢ়ৈ, পৰমা পেগু,মোহন শইকীয়া, লীলা সিং, যগেশ্বৰ বাক্তি, লুটফুৰ ৰহমান, ৰোহিনী ৰাজখোৱা , কবিন্দ বিশ্বাস আৰু হাচিনা বেগম! বিজয়ী প্ৰাৰ্থী সকলক শিৱসাগৰ জিলা বিজেপি সাধাৰণ সম্পাদক ডাঃ প্ৰৱীণ কোৱঁৰে অভিনন্দন জ্ঞাপন কৰে !

Related Articles

Leave a Reply

Close