অসমশীৰ্ষ

নগাঁও কাণ্ডৰ প্ৰতিবাদত সোণাৰিত বিৰূপ প্ৰতিক্ৰিয়া

প্ৰথম খবৰ, সোণাৰি: নগাঁও কাণ্ডৰ প্ৰতিবাদ জনাই কালি সোণাৰিত টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত সোণাৰিত ভালেকেইটা দল-সংগঠনে পথ অৱৰোধ কৰাৰ পাছতেই ধুবুৰীৰ মহম্মদ ৰাতুল হুছেইন নামৰ এজন যুৱকে প্ৰতিবাদকাৰীক হিন্দু বাংলাদেশী দেশী সজাই ফেচবুকত ফটোসহ ষ্টেটাচ দিয়াক লৈ সোণাৰিত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

উল্লেখ্য যে, যুৱকজনে হাতত খোলা তৰোৱাল লৈ নগাওঁ ৰাজ পথত ফটোসহ এই সকল হিন্দু বাংলাদেশী কোন বুলি উল্লেখ কৰিছিল।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্হাই যৌথভাবে সোণাৰি থানাত ভূৱা প্ৰচাৰ চলাই অসমবাসীক বিপথে নিবলৈ চেষ্টা কৰা যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উক্ত যুৱক জনক ৪৮ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন দুই সংগঠনৰ।প্ৰাসংগিক ভাবে উল্লেখ যে কালি সোণাৰিত বিভিন্ন দল সংগঠনে হাতত হেং দাং লৈ অনা অসমীয়াৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰিছিল।

Related Articles

Leave a Reply

Close