অসম

নগাঁৱত ৭১ তম স্বাধীনতা দিৱস উদযাপন ও অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ, জাজৰি: প্রত্যেক বছৰৰ দৰে এই বছৰো অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ বটদ্রবা শাখাৰ উদ্যোগত ৭১ তম স্বাধীনতা দিৱস আৰু অভিনন্দন অনুষ্ঠানটি দিনযোৰা বণার্ঢ্য কাৰ্যসূচীৰে হাতীচোং মহাবিদ্যালয়ৰ প্রাঙ্গণত আজি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মহাবিদ্যালয়খনৰ অধ্যক্ষ লুইত হাজৰিকাই বন্তি প্রজ্বলনৰ দ্বাৰা অনুষ্ঠানৰ শুভাৰাম্ভ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা সংযোজক ৰাজু বৰা, ৰাজ্যিক যুটিয়া সম্পাদক বিশ্বজিৎ খাউণ্ড, আৰু লগতে অচিন্ত প্রাণ শর্ম্মা, সত্যৰঞ্জ বৰা উপষ্ঠিত থাকে। উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুফল লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক এখনি মানপত্ৰ, এজোপা গছপুলি আৰু অন্যান্য সামগ্রীৰে তেওঁলোকক আদৰণি জনাই। পৰিৱেশটো সুস্থ হৈ থাকিবৰ বাবে প্রত্যেক ছাত্ৰ-ছাত্ৰীক গছপুলি প্রদান কৰাৰ এক সুন্দৰ পদক্ষেপ হাতত লৈছে। তেওঁলোকে প্রত্যেক বছৰে এই অনুষ্ঠান পাতি যোৱাৰ প্রতিশ্রুতিৰে শলাগৰ শৰাই আগৱঢ়াই শেষত বন্দে মাতৰম গীতেৰে অনুষ্ঠান সামৰণি পৰে।
উক্ত অনুষ্ঠানত শ্ৰী কৃষ্ণ জ্যোতি বৰাৰ লগতে কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close