অসম

নগাঁৱৰ ঘটনাৰ প্ৰতিবাদত চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

প্ৰথম খবৰ, চিলাপথাৰ/ শিৱসাগৰ: নগাঁৱৰ ঘটনাৰ প্ৰতিবাদত আজি চিলাপথাৰত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ উদ্যোগত চিলাপথাৰৰ সমূহ জাতীয় দল সংগঠনৰ সহযোগত চিলাপথাৰ নগৰৰ মাজ-মজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয়। অংশগ্ৰহণকাৰী দল সংগঠনে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

এই ঘটনাক বহিৰাগতই খিলঞ্জীয়া অসমীয়াৰ ওপৰত কৰা আক্ৰমণ বুলি অভিহিত কৰে। লগতে সেই বহিৰাগত বঙাল কেইটাক আটক কৰি উচিত শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনোৱা হয়। বহিৰাগতৰ খিলঞ্জীয়া লোকৰ প্ৰতি মইমতালিৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকলোৱে সকীয়াই দিয়ে। যদি চৰকাৰে খিলঞ্জীয়া বিৰোধী শক্তিসমূহক নাকি নলগায় তেন্তে জাতীয় সংগঠনসমূহে শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হ’ব।

অনাগত দিনত যদি আৰু এটাও অসমীয়া বিৰোধী কাৰ্য কোনো বহিৰাগতই কৰে তেন্তে কাকো ৰেহাই দিয়া নহব হিংসাৰ উত্তৰ হিংসাৰেই দিয়া হ’ব। খিলঞ্জীয়াসকলক আইন হাতত তুলি ল’বলৈ বাধ্য নকৰিব বুলি প্ৰাক্তন আলফাৰ লগতে দল- সংগঠনে অসমত বাস কৰিবলৈ সুবিধা পোৱা বহিৰাগত অনাঅসমীয়াক সকীয়াই দিয়ে ।

Related Articles

Leave a Reply

Close