অসম

নলবাৰীৰ ঘগ্ৰাপাৰত আত্মসহায়ক গোটৰ বিশাল সজাগতা সভা সম্পন্ন 

প্ৰথম খবৰ, নলবাৰী: আজি নলবাৰী জিলাৰ বডিগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘগ্ৰাপাৰ হৰিমন্দিৰৰ বাকৰিত এখন আত্মসহায়ক গোটৰ এখন বিশাল সজাগতা সভা অনুষ্ঠিত হয়। সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, বিজেপি নেতা মৃদুল কলিতা, ডিম্বেশ্বৰ বেজবৰুৱা, চন্দন ডেকা, খণ্ড উন্নয়ন বিষয়া সহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই ভাষনত ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ দ্বাৰাই কেনেদৰে মহিলা আত্মসহায়ক গোট সমূহে লাভবান হ’ব পাৰি বৃস্তিতভাৱে বুজাই দিয়ে আৰু ইয়াৰ সুযোগ লোৱাৰ বাবে আহ্বান জনাই মহিলা সকলক। অনুষ্ঠানত সহস্ৰাধিক মহিলাই অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close