অসম

নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন

প্ৰথম খবৰ,  কৈঠালকুছি: নলবাৰী প্ৰেছ ক্লাৱৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জীতেন শৰ্মাৰ সভাপতিত্বত আজি আবেলি নলবাৰী প্ৰেছ ক্লৱত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক, বুদ্ধিজীৱি শশী শৰ্মাই সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে ভাষণ দি সাংবাদিক সকলক নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ আহ্বান জনাই। নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক মজিবুৰ ৰহমানে আঁত ধৰা উক্ত সভাতে জিলাখনৰ ছয় গৰাকী বৰেণ্য সাংবাদিকলৈ সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক, অনুষ্ঠান -প্ৰতিষ্ঠান, দল-সংগঠনৰ বিষয়ববীয়া তথা ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close