অসম

নাগ্রীজুলিত নেপালী ভাষা মান্যতা দিৱস উদযাপন

প্ৰথম খবৰ, তামুলপুৰ: নাগ্রীজুলি আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাগ্রীজুলি কনিষ্ঠ মহাবিদ্যালয়ৰ নেপালী ছাত্ৰ গোটৰ সহযোগত বাক্সা জিলাৰ নাগ্রীজুলি কণিষ্ঠ মহাবিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰা হয়।

কাৰ্যসূচী অনুযায়ী আজি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে নাগ্রীজুলি আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু লামছলে। পতাকা উত্তোলনৰ পিছতেই নাগ্রীজুলি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা নেপালী সাহিত্য জগতৰ সাহিত্যক কেডাৰকল্প লমছাল আৰু জানকী উপাধ্যয়ৰ প্ৰতিকৃতিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। দিন ১২ বজাত নাগ্রীজুলি আঞ্চলিক গোর্খা ছাত্র সংস্থাৰ সভাপতি ৰাজু লমছালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সদৌ অসম গোর্খা ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ চৌহান, প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহান, শিক্ষক লোহিত উপ্রেতি, সিকগক উপেন থাপা, স্থানীয় সমাজকৰ্মী ঘনশ্যাম খানাল, ছাত্ৰ নেতা কৰ্ণ বিমলি, প্ৰতাপ মগৰ, বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীৰ লগতে জিলা সমিতিৰ বিষয় ববীয়া উপিস্থিত থাকি নেপালী ভাষা মান্যতা দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰে। নেপালী ভাষা আৰু সাহিত্য চৰ্চা কৰি নেপালী ভাষাক যাতে সাহিত্য জগতত আৰু আগুৱাই নিব পীড়া যায় সেই দিশৰ ওপৰত আলোকপাত কৰি বক্তা সকলে ভাষণ ৰাখে। সভাৰ মাজতেই নেপালী জনগোষ্ঠীৰ বিভিন্ন লোক কৃষ্টি প্রদর্শন কৰে কেইবাটাও স্থানীয় সাংস্কৃতিক দলে।

Related Articles

Leave a Reply

Close