অসম

নিজৰাৰ পানী সেৱন কৰি দিন অতিবাহিত কৰিছে বায়দাবাসীয়েঃ নাই বিজুলী, নাই বাট-পথ

প্ৰথম খবৰ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ ৩৭ নম্বৰ গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সীমাৰ্ন্তবৰ্তী বায়দাত অদ্যপি কোনো উন্নয়ন নহ’ল। যুগ যুগ ধৰি অঞ্চলবাসীয়ে সেৱন কৰি আহিছে নিজৰাৰ পানী৷ গা ধোৱা, খোৱা
আদি সকলো কাৰ্যতে ব্যৱহাৰ হয় এই নিজৰাৰ পানী৷

আটাইতকৈ ডাঙৰ কথাটো হ’ল অঞ্চলটোত নাই এটাও কুঁৱা৷ ইফালে অঞ্চলটোত আজিলৈকে লাভ কৰা নাই গ্ৰাম্য বৈদ্যুতিকৰণৰ সুবিধা৷ সীমামূৰীয়া বায়দা অঞ্চলৰ বাট-পথ সমূহৰ অৱস্থাও পুতৌ লগা৷ পিছে সৰ্ব দিশতে পিছপৰা বায়দাবাসীৰ খবৰ ল’বলৈ নাই কাৰো অাহৰি৷ স্থানীয় জন প্ৰতিনিধি গৰাকীৰো নাই খবৰ ৷
অলেখ সমস্যাৰ মাজত দিন পাৰ কৰা এই সকল লোকৰ সৰ্বদিশৰ উন্নয়ন যেন এতিয়া অলীক কল্পনা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close