কবিতাসাহিত্য

“ন – বাট এটিয়ে পোখা মেলিব ধৰিছে”

দীপাংকৰ ৰায়,বঙাইগাওঁ

এনেকৈ ৰিক্ততাই যেতিয়াই আগুৰি ধৰে,
তাৰ আশে – পাশে ৰৈ থাকে
উচুপনিৰে উমাল সন্ধিয়াটো|
যি জীপাল হৈ উঠে –
পিছ মূহুৰ্ততে |
অলপ পিছতে যেন – শেৱালীৰ উত্তাপ আহিব
নাকেৰে ভিতৰলৈ সোমাই যাব আলফুলে,
যাৰ সুবাসে বিলাব দেহত উষ্ণ আবেগবোৰ
জগাই তুলিব নকৈ দুনাই |
ন – বাট এটিয়ে পোখা মেলিব ধৰিছে যেন।

Related Articles

Leave a Reply

Close