অসম

পঞ্চায়ত নিৰ্বাচন জয়ৰ লক্ষ্যৰে ছৈখোৱা ব্লক কংগ্ৰেছত সাংগঠনিক নিৰ্বাচন

প্ৰথম খবৰ, তালাপ: আগন্তুক পঞ্চায়ত নিৰ্বাচন জয়ৰ লক্ষৰে তিনিচুকীয়া জিলাৰ ছৈখোৱা ব্লক কংগ্ৰেছত ততপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি ব্লক কংগ্ৰেছ কাৰ্যালয়ত অনুস্থিত এখন সাংগঠনিক সভাত নিৰ্বাচনৰ জৰিয়তে নতুনকৈ সমিতি গঠন কৰি দলটোৱে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজোৱা পৰিলক্ষিত হয়। কংগ্ৰেছ নেতা যোগেন্দ্ৰ সিঙৰ পৰ্যাবেক্ষণত অনুস্থিত এই নিৰ্বাচনত প্ৰাঞ্জল সোণোৱালে বিৰিঞ্চি নেওগক তেৰটা ভোটত পৰাজিত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য পদ লাভ কৰে। জিলা সমিতিৰ সদস্য পদৰ বাবে দেউতী বৰুৱা, জীৱন সোণোৱাল, অনিৰেখা বড়া, প্ৰবীন টুটি, ফটিক আচাৰ্য আৰু গকুল সিং ৰায় নিৰ্বাচিত হয়।

ব্লক কংগ্ৰেছৰ সভাপতি স্বৰূপে বগেন চেতিয়া পুনৰবাৰ নিৰ্বাচিত হয়। উপ-সভাপতি স্বৰূপে টিপেশ্বৰ নেওগ আৰু কোষাধ্যক্ষ ৰূপে তোলন গগৈক নিৰ্বাচিত কৰা হয়। আজিৰ সমগ্র নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ ৰিটাৰণিং বিষয়া আছিল।

Related Articles

Leave a Reply

Close